জ্যোতি চিত্ৰবন ষ্টুডিঅৰ আধুনিকীকৰণ আৰু উন্নীতকৰণ আঁচনিখন অসম চুক্তিৰ (৩য় দফা) ধাৰা-৬ (ক) মৰ্মে ভাৰত চৰকাৰৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ে পোষকতা কৰিছে।
- কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ বিস্তৃতি আৰু উন্নয়ন
অসম চুক্তিৰ ১ আৰু ২ নং দফা মৰ্মে ১৯৯৬-৯৭ চনত জ্যোতি চিত্ৰবনে ৮,৭৯,৫০,০০০/- টকা পায়। সেই সমুদায় ধনখিনি উক্ত প্ৰকল্পত ২০০৩ চনৰ মাৰ্চ মাহৰ ভিতৰত ১০০ শতাংশ খৰচ কৰা হয়। - কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅৰ আধুনিকীকৰণ আৰু উন্নয়ন
অসম চুক্তিৰ ৩য় দফা, ধাৰা-৬(ক)ৰ অধীনত জ্যোতি চিত্ৰবনলৈ তিনিটা কিস্তিত ২০০৬-০৭ বৰ্ষত ১০ কোটি টকা মুকলি কৰি দিয়া হয়। বৰ্তমানে এখন মিনি ফিল্ম চিটীকে ধৰি কামখিনি সম্পূৰ্ণ কৰা হৈছে।