মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

ইতিহাস

  • উত্তৰ-পূৱ ভাৰতৰ এখন  সীমামূৰীয়া ৰাজ্য অসম দেশৰ চহকী সাংস্কৃতিক পৰম্পৰা ৰাষ্ট্ৰীয়  আৰু আন্তঃৰাষ্ট্ৰীয়  পৰ্যায়তো বিস্তৃতি লাভ কৰিবলগীয়া। থিয়েটাৰ আৰু চলচ্চিত্ৰই হৈছে দুটা শক্তিশালী মাধ্যম যাৰ দ্বাৰা সাংস্কৃতিক স্বকীয়তা প্ৰতিফলিত কৰিব পাৰি আৰু যিটোৱে আমাৰ বহুৰঙী ঐতিহ্যক চহকী কৰিব পাৰে।

                ১৯৯৬ চনত  অসম চৰকাৰে নৰকাসুৰ পাহাৰৰ নামনিত এক নান্দনিক পশ্চাদপটত ১০ একৰ ভূমিত জ্যোতি চিত্ৰবনক চৰকাৰী ষ্টুডিঅ হিচাপে প্ৰতিষ্ঠা কৰে। চাৰিওফালৰ পৰা অহা হেঁচা আৰু সাংস্কৃতিক জগতৰ মহীৰূহ স্বৰূপ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, বিজনী ৰাজ্যৰ ৰাণী স্বৰ্গীয়া সবিতা দেৱী, ড০ ভূপেন হাজৰিকা, স্বৰ্গীয় ক্ষীৰদা কান্ত বিষয়া আদিৰ দাবীত জ্যোতি চিত্ৰবন স্থাপিত হয়। অসমীয়া চলচ্চিত্ৰৰ পিতৃস্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিয়েই ফিল্ম ষ্টুডিঅটোৰ নাম সঠিকভাৱেই জ্যোতি চিত্ৰবন ৰখা হয়। জ্যোতি – জ্যোতিম প্ৰসাদ আগৰৱালা আৰু চিত্ৰবন – জয়মতী চলচ্চিত্ৰ প্ৰযোজনাৰ সময়ত ভোলাগুৰি চাহ বাগিচাত জ্যোতি প্ৰসাদ আগৰৱালাই স্থাপন কৰা ষ্টুডিঅটোৰ নাম।

                ষ্টুডিঅটো ১৯৬৮ চনত (১৭-০১-২০১৬) এখন শ্বুটিং ফ্ল’ৰ’ৰ সৈতে কাৰ্যক্ষম হৈ উঠে আৰু দেশৰ এই অঞ্চলৰ পৰাই যোৱা ভাৰতীয় চলচ্চিত্ৰৰ এটা স্তম্ভ প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ নামত নামাকৰণ কৰা হয়। নিপ বৰুৱাৰ নিৰ্দেশনাত চুটি তথ্য চিত্ৰ ভদৰীখন এই মজিয়াত শ্বুটিং কৰা প্ৰথম চলচ্চিত্ৰ।

                ১৯৭৩ চনত জ্যোতি চিত্ৰবন ষ্টুডিঅক চৰকাৰী আয়ত্তাধীন পঞ্জীয়নকৃত সন্থা কৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলক চৰকাৰী সদস্য আৰু চলচ্চিত্ৰ জগতৰ বিখ্যাত ব্যক্তিসকলক বেচৰকাৰী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

                জ্যোতি চিত্ৰবনৰ চালুকয়া অৱস্থাতে যি কেইজন বলিষ্ঠ ব্যক্তিয়ে সেৱা আগবঢ়াইছিল তেওঁলোকৰ ভিতৰত স্বৰ্গীয় মহেশ মল্ল বুজৰবৰুৱা, তেওঁ পুণেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট অব ইণ্ডিয়াৰ প্ৰথম দলৰ ছাত্ৰ, স্বৰ্গীয় পীযুষ কান্তি ৰয়, -তেওঁ এফ.টি.আই.আই., পুণেৰ ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ ডিপ্লোমা প্ৰাপ্ত আৰু এফ.টি.আই.আইৰ প্ৰাক্তন ছাত্ৰ, স্বৰ্গীয় আই.কে. হাজৰিকা, বিখ্যাত কেমেৰামেন –এই আটাইকেইজনে জ্যোতি চিত্ৰবনত যোগদান কৰি বহুবিলাক অসমীয়া যুৱ শিল্পীক চলচ্চিত্ৰ সৃষ্টি কলাৰ বিষয়ে প্ৰশিক্ষণ দিয়ে। চেন্নাইৰ প্ৰসাদ লেবৰ অনিল চন্দ আৰু মিঃ হৰ কুমাৰ তেওঁৰ সহকাৰী হিচাপে থাকি ষ্টুডিঅটো পূৰ্ণ পৰ্যায়ৰ কৰি তোলে।

                পৰিৱৰ্তনশীল সময়ৰ লগে লগে ফিল্ম আৰু টেলিভিশ্যনৰ ক্ষেত্ৰখনতো উন্নয়ন হয় আৰু প্ৰযোজনা আৰু ডিজিটেল ফিল্ম সৃষ্টিৰ বাবে চলচ্চিত্ৰৰ স্ৰষ্টাসকলৰ দাবী অনুসৰি জ্যোতি চিত্ৰবনে সেই দাবীসমূহ মোকাবিলা কৰিব পৰা হৈছে। ষ্টুডিঅৰ ভিডিঅ বিভাগটো ১৯৯৫ চনৰ ২৯ ডিচেম্বৰ তাৰিখে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰে।

                অসম চৰকাৰ আৰু বাৰত চৰকাৰৰ (অসম চুক্তি মৰ্মে) পৰা পোৱা অৰ্থসাহায্যত এই সন্থাটোৱে সকলো ধৰণৰ আধুনিক কাৰিকৰী যন্ত্ৰপাতিৰে সুসজ্জ্বিত।

                অসম চুক্তিৰ (৩য় দফা) মৰ্মে ফিল্ম চিটীৰ আধাৰশিলা ২০০৯ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰে, যিটো চলচ্চিত্ৰ সৃষ্টিৰ উন্নয়নৰ বাবে জ্যোতি চিত্ৰবনৰ আন এক পদক্ষেপ।