মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

ডিজিটেল অভিলেখগাৰ

জ্যোতি চিত্ৰবন ডিজিটেল অভিলেখগাৰটো হল চৰকাৰে পৰিচালনা কৰা উত্তৰ-পূৱ ভাৰতৰ এটা ডাঙৰ অভিলেখগাৰ। এইটো অসমৰ কাৰ্য্যক্ষম হৈ থকা আৰ্কাইভে অকল সংগ্ৰহ কৰাই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবে সংগীত, ফিল্ম, তথ্যচিত্ৰ, ফটোগ্ৰাফ  আৰু লেখনিসমূহো সংগ্ৰহ কৰি থয়। জ্যোতি চিত্ৰবন থকা ডিজিটেল আৰ্কাইভৰ হাউলীত আজিকালি ব্যৱহাৰ নোহোৱা পুৰণি কেমেৰা, মিক্সিং কনচোল, মাইক্ৰোফোন আৰু আন আন কাৰিকৰী সঁজুলিবিলাক ৰাখি থোৱা আছে। অসমৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰী নৱ কুমাৰ দলে ডাঙৰীয়াই ২০১৬ চনৰ ডিচেম্বৰ মাহত উদ্বোধন কৰা সংগীত অভিলেখগাৰক পৰৱৰ্ত্তী সময়ত ২০১৭ চনৰ মে মাহত জ্যোতি চিত্ৰবন ডিজিটেল অভিলেখগাৰ বুলি নতুনকৈ নামাকৰণ কৰি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, আহমেদাবাদৰ দুজন অসমীয়া যুৱকে প্ৰতিষ্ঠা কৰা চেলেবস্থান(Celebstan) নামৰ প্ৰতিষ্ঠানৰ সহযোগত কাম আৰম্ভ কৰে।

         জ্যোতি চিত্ৰবন ডিজিটেল অভিলেখগাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধি অডিঅ-ভিডিঅ সামগ্ৰী ডিজিটাইজ কৰিবলৈ অহোপুৰুষাৰ্থ কৰে আৰু উত্তৰ পুৰুষলৈ সেইবিলাক সংৰক্ষণ কৰি থয়।

            অধিক জানিবলৈ চাওক – www.jcda.in